aimatri - কবিতা Assamese Poems
 
Navigate Akhom
মুখ্য পৃস্ঠা Home
অসম তুলিকা Akhom In Frames
কবিতা Assamese Poems
ইংৰাজী কবিতা English Poems
অসম আলোকচিত্র Assam's Images
পৰ্ব Celebration
আপোনালোকৰ উপস্থিতি Your Presence
আপোনাৰ বাৰ্তা(Your's Messages)
প্ৰেমৰ কবিতা

আছিলো অপেহ্মাত
আছিলো অপেহ্মাত কত যে যুগ ধৰি ,
পল পল গণিছিলো হ্মন ।
পদুলিৰ শেয়ালিকো শোধো

সেইদিনাখন ফুলিবি
বিলাবি তোৰ মাদকতাৰ সুগন্ধ ।
মতলীয় কৰিবি সেই দিনাৰ নীশা ॥
আকাশকো কৈছো সইদিনা,
সজাবলৈ ডাৱৰ
মেঘৰ আৰে আৰে
আকিবলৈ উলাহৰ ৰামধেনু ॥

আৰু নীশা সজাবলৈ তৰাৰ মণিকা
আৰু থাকিব কপালত এটি জোন॥
সেদিনা তগৰেও এৰি থৈ,
ফুলিব হি তোমাৰ বসন্তত ॥ স্ৱৰচিত

তুমি
তুমি নিজৰা হৈ থকাহি বৈ
তুমি মেঘালি হৈ ফুৰা ওমলি ।
পৰ্ৱতৰ আৰে আৰে তুমি
ডালিমী হৈ কৰা ধেমালি ॥

তুমি লুইতৰ বোকোৰ পদুম,
তুমি মাজুলি ।
ভোগালীৰ তুমি মেজিৰে জুই
জীয়াই তোলা পুহৰ
সেমেকা শৰীৰ ।
বহাগৰ তুমি কেতেকি
ফুলি থকা অসমীৰে বাগিচাত

তুমি কাতিৰ জোনাকি নিশাত
পথাৰত ,তুলসীৰে তলত,
আকাংহ্মাৰ এগচি চাকি ॥ (স্বৰচিত)
এজন প্ৰেমীক মই
এজন প্ৰেমীক মই,
নাজানো কাৰ প্ৰেমত পৰিছো মই ??
কোন বাৰো তাই অচিনাকী
যাক মনে কই

তাই হেনু মোৰ জন্মান্তৰ চিনাকী ।
এনকোৱা কিয় লগে যে মোক ??
মৰুভূমিৰ শোকান বালি হৈ
আছোহি পৰি ৰয় ।
যুগান্তৰ এটি অপেহ্মা, এটি আকাংহ্মাত
তাই আহিব বুলি বৰষা হৈ ॥
পেলাবহি অন্ত মোৰ পিয়াহৰ,
পিয়াহ মোৰ হাবিয়াসৰ
তাইক লগ পাম বুলি ।
তাই অহিব তিতাবলৈ
মোৰ প্ৰাণহীন তাপিত বালি ।
যত আকৌ গা ধৰি উঠিব
জীয়াই থকাৰ গছ বনে,
তাত ফুলিব মৰম স্নেহৰ ফুল ।
ছয়টি ঋতু আহি
পাতিবহি বাহৰ মোৰ
হৃদয়ৰ পথাৰত ॥ (স্বৰচিত)
তোমাৰ পদুলি
তোমাৰ পদুলি যে আছিল উদাশিন
কত যুগ ধৰি কৰি অপেহ্মা
চাই চাই তোমাৰ পদচিন
আজি তোমাৰ আগমনত
জোনাকত তিতিব উৰে নিশা

তুমি অহাৰ আনন্দত
তোমাৰ পদুলিৰ দুবৰীয়ে
সাজি উঠিব তোমাৰ বাবে
বৰষাৰ সেউজ চাদৰত
তোমাৰ মাতৰ শ্পন্দনত
নীৰবতাক আকোবালি লোবা
তোমাৰ কুটিৰ উঠিব জীযাই
ঘোৰায় পাই তোমাৰ
তোমাৰ শব্দৰ চন্দ (স্বৰচিত)
উকা এখনি
উকা এখনি গামুচা
উকা এখনি গামুচা
মোৰ এই জীৱন ।
ফুল বৈয় সজালা তুমি
জীৱনৰ বিহুৱান খনি ॥
শোকান বালিচৰ হৈ আছিলো মই,
প্ৰাণ হীন শেতা পৰা ।
নৈয়ে নিঠৰোৱা কৰি
এৰি থৈ যোৱা ।
তুমি আহি সজিলা
চেনেহৰ বালিঘৰ ।
তোমৰ দুহাতৰ স্পর্শত,
জী উঠিল শোকান,
মোৰ জীৱন বালি চৰ ॥ (স্বৰচিত)

নষ্টালজিক কবিতা
বান্ধৈ মোৰ
বান্ধৈ মোৰ লৰালিৰ
স্মৃতিৰ পাখি লগায় যাওঁ উভতি
চাবলৈ শৈশৱৰ ধেমালি,
পথাৰত উমলি থাকি
আনন্দৰ উতি উতি,

ফোৰো আমি লৰালি
আকাশৰ পাতত ছবি আকি
নৱ চিন্তালৈ আহিল
নৱ দৃষ্ঠত আমাৰ কৈশোৰ
মাদকতাৰে ভৰিল মনৰ বতৰ
অজ্ঞাত বনত প্ৰণয়ৰ ফুল ফুলিল
যৌৱনৰ দ্ৱাৰ মোকলাওঁতে
দহোতা বছৰ কৰিলো পাৰ,
নৱ চন্দত জীৱনৰ তাল
আৰু আমি এৰি থৈ আহো
আমাৰ বিদ্যালয়র চোতাল (স্বৰচিত)

এটি সন্ধানৰ কবিতা
মই
মই
আছলতে কোন মই?
জানিবলৈ লাগে ভয় ।
মানুহে কি বা কয় মোক ??
জান নে তই ??
দোখে মোক এৰা
নিদিয়া হৈছে ঐ ॥
ৰচক: অন্জনজ্যতি দাস

Copy Right to Maakon Lab-2010
This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free